Utsav Vidyarambha In Assamese

Subhra Studies
0

 Utsav Vidyarambha In Assamese

উৎসৱ বিদ্যাৰম্ভ কি...

       উৎসৱ বিদ্যাৰম্ভ Utsav Vidyarambha In Assameseহৈছে আমাৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত অনুষ্ঠিত কৰা এক শৈক্ষিক অধিবেশন। ইয়াৰ যোগেদি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ ওচৰে পাজৰে থকা শিক্ষাৰ্থী সকলক চিনাক্ত কৰি তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে আলোচনা কৰি তেওঁলোকক ল'ৰা ছোৱালীক বিদ্যালয়ত ভৰ্তি কৰিবলৈ উৎসাহিত কৰা এক প্ৰচেষ্টা। 

Uthsav Vidyarambha In Assamese

উৎসৱ বিদ্যাৰম্ভৰ কাৰ্যসূচী :

        ইয়াৰ বাবে বিদ্যালয়খনৰ কৰ্তৃপক্ষই এক শৈক্ষিক অধিবেশনৰ আয়োজন কৰিব লাগে। সেই অধিবেশনত নতুনকৈ বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাবে আদৰি আনি খেল-ধেমালিৰ জৰিয়তে শিশুক পৰৱৰ্তী সময়ত শৈক্ষিক ভেটি সুদৃঢ় কৰি তুলিবলৈ চেষ্টা কৰিব লাগে।

          ইয়াৰ উপৰিও এই অনুষ্ঠানৰ জৰিয়তে বিগত বৰ্ষৰ নিয়মীয়াকৈ বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক বিশেষ ভাৱে পুৰস্কৃত কৰিব লাগে। তাৰ পিছত তেওঁলোকৰ পিতৃ-মাতৃৰ সকলোকো সন্মানিত কৰিব লাগে। এনে বোৰ কাৰ্যসূচীয়ে নতুনকৈ বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক তথা তেওঁলোকৰ পিতৃ-মাতৃ সকলক উৎসাহিত কৰে।

         উৎসৱ বিদ্যাৰম্ভ অধিবেশন আয়োজনৰ জৰিয়তে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি সপ্তাহৰ পৰাই যাতে বিদ্যালয়ত নিয়মীয়াকৈ শ্ৰেণীত পাঠদান অনুষ্ঠিত হয় সেয়া নিশ্চিত কৰা হয়। তাৰোপৰি নতুনকৈ নামভৰ্তি কৰি বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু ঐক্য সাজ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

      এনেদৰে উৎসৱ বিদ্যাৰম্ভৰ জৰিয়তে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি লগে লগে বিদ্যালয় এখনত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰচেষ্টা হাতত লোৱা হয়।


Post a Comment

0Comments

Post a Comment (0)