Foundational Literacy and Numeracy এফ এল এন কি
শিশুসকলৰ জীৱনৰ আৰম্ভণিৰ বছৰবোৰ ভৱিষ্যতৰ শিক্ষা আৰু বিকাশৰ ভেটি স্থাপনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই কথা স্বীকাৰ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 (NEP) য়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা Foundational Literacy and Numeracy (FLN) ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বুনিয়াদী পঠন, লিখন, আৰু গাণিতিক ধাৰণাক সামৰি লোৱা এই দক্ষতাসমূহ প্ৰতিজন শিশুৰ শৈক্ষিক অৰ্হতা আৰু আজীৱন সফলতাৰ বাবে অতিকৈ প্ৰয়োজনীয়।
ভাৰতত প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণ কৰা সকলো শিশুৱে যাতে তৃতীয় শ্ৰেণীৰ শেষৰ ফালে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ ধাৰণা নিশ্চিত ভাবে লাভ কৰিব পাৰে, ইয়াৰ বাবে নিপুন ভাৰত অভিযানৰ দৰে ব্যাপক পদক্ষেপ হাতত লোৱা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে গুণগত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সাৰ্বজনীন সুবিধা প্ৰদান কৰা আৰু মূল দক্ষতাসমূহ যাতে শিশুসকলে ভালদৰে আয়ত্ব কৰিব পাৰে তাক সুনিশ্চিত কৰা।
ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 (NEP)
ত FLN কি?
প্ৰাথমিক শিক্ষাৰ গুৰুত্বক স্বীকাৰ কৰি ৰাষ্ট্ৰীয়
শিক্ষা নীতি ২০২০ য়ে এফ এল এন (FLN)ক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ লক্ষ্য হৈছে বুনিয়াদী পৰ্যায়ত পঠন, লিখন, আৰু গাণিতিক কৌশল আৰু দক্ষতাসমূহ আয়ত্ব কৰা। Foundational Literacy and Numeracy (FLN) এ পঠন, লিখন আৰু গণিতৰ মৌলিক দক্ষতাক বুজায়। বুনিয়াদী সাক্ষৰতাই ভাষাৰ আখৰ তথা
শব্দসমূহ বুজি পোৱা, সুসংহতভাৱে কৰা চিন্তাবোৰ লিখিতভাৱে প্ৰকাশ কৰা আৰু তথ্য
সমালোচনাত্মকভাৱে বিশ্লেষণ কৰাৰ ক্ষমতাক সামৰি লয়। ইয়াৰ লগতে সংখ্যাগত ধাৰণা, গাণিতিক কাৰ্য্যকলাপ আৰু বাস্তৱ জীৱনৰ বিভিন্ন পৰিস্থিতিত সেইবোৰ প্ৰয়োগ কৰাৰ ক্ষমতা জড়িত
হৈ থাকে। সেয়েহে ইয়াৰ প্ৰধান লক্ষ্য হৈছে দেশৰ প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়ণ কৰা প্ৰতিটো শিশুক তৃতীয় শ্ৰেণীৰ অন্তত বুজি পঢ়িব পৰা, মৌলিক গাণিতিক
কাৰ্য্য সম্পাদন কৰা আৰু দৈনন্দিন জীৱনত আগবাঢ়ি যাওঁতে প্ৰযোজন হোৱা দক্ষতাসমূহ শিকাৰ ক্ষেত্ৰত
শক্তিশালী কৰি তোলা।
এফ এল এন (FLN) উন্নয়নৰ লক্ষ্য
এফ এল এন উন্নয়নৰ লক্ষ্যসমূহ বুনিয়াদী শিক্ষণ আৰু ব্যক্তিগত বিকাশৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিবলৈ তৈয়াৰ কৰা হৈছে। এই লক্ষ্যসমূহে শিক্ষকক, পাঠ্যক্ৰম প্ৰস্তুতকৰ্তা আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে পথ প্ৰদৰ্শক নীতি
হিচাপে কাম কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে এই বুনিয়াদী দক্ষতাসমূহ লাভ কৰিবলৈ প্ৰয়োজনীয় সমৰ্থন আৰু নিৰ্দেশনা
লাভ কৰাটো নিশ্চিত কৰিব পাৰে। তলত এফ এল এন (FLN)ৰ উন্নয়নৰ লক্ষ্যসমূহৰ আলোচনা কৰা হ’ল :
মৌখিক পঠন: পাঠৰ মূল ধাৰণা, শব্দভাণ্ডাৰ, পাঠৰ বিৱৰণ আদিৰ বোধগম্যতাকে ধৰি লিখিত গ্ৰন্থসমূহ বুজি পোৱাৰ ক্ষমতা বিকাশ
কৰা।
লিখাৰ দক্ষতা: ব্যাকৰণ,
বিৰাম চিহ্ন, বানান আদি বুজি লোৱাৰ ক্ষেত্ৰত চিন্তা আৰু ধাৰণাক যুক্তিসংগতভাৱে
প্ৰকাশ কৰাৰ দক্ষতা আহৰণ কৰা।
ধ্বনিবিজ্ঞান আৰু ধ্বনি সজাগতা: আখৰ আৰু শব্দৰ মাজৰ সম্পৰ্ক বুজি পোৱা, শব্দ অৰ্থ বুজাৰ ক্ষমতা বিকাশ কৰা, আৰু ধ্বনিগত আৰ্হি চিনাক্ত কৰা।
শব্দভাণ্ডাৰ সম্প্ৰসাৰণ: পঢ়াৰ বোধগম্যতা আৰু যোগাযোগ দক্ষতা বৃদ্ধিৰ বাবে এক বিস্তৃত
আৰু বৈচিত্ৰময় শব্দভাণ্ডাৰ গঢ়ি তোলা।
সমালোচনাত্মক চিন্তা আৰু বিশ্লেষণ: গ্ৰন্থ বিশ্লেষণ, তথ্যৰ মূল্যায়ন
আৰু যুক্তিযুক্ত মতামত গঠন কৰিবলৈ সমালোচনাত্মক চিন্তা কৰাৰ ক্ষমতাৰ বিকাশ সাধন কৰা।
Read more: VIDYA PRAVESH IN ASSAMESE
এফ এল এন (FLN)ৰ গুৰুত্ব
প্ৰতিটো শিশুৰ শৈক্ষিক দক্ষতা আৰু সামগ্ৰিক বিকাশৰ বাবে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ অতিকৈ প্ৰয়োজনীয়তা আছে। ইয়াত এফ এল এন(FLN) তলত ইয়াৰগুৰুত্ব সম্পৰ্কে আলোচনা কৰা হ’ল :
শক্তিশালী শৈক্ষিক ভেটি গঢ়ি তোলা : বিশেষকৈ জটিল প্ৰাৰম্ভিক বছৰবোৰত (০-৮) এফ এল এন এ আজীৱন শিক্ষণৰ ভেটি গঠন কৰে, যিয়ে শিশুৰ ভৱিষ্যত বিকাশ আৰু শৈক্ষিক সফলতাক গঢ় দিয়ে, যাৰ ফলত তেওঁলোকৰ জীৱনৰ ব্যক্তিগত আৰু অৰ্থনৈতিক দক্ষতা বিকাশৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলায়।
জ্ঞানমূলক আৰু আৱেগিক বিকাশৰ প্ৰসাৰ :এফ এল এন(FLN) পঠন, লিখন, গাণিতিক, আৰু সংখ্যাগত ধাৰণা আহৰণৰ ক্ষেত্ৰত শক্তিশালী বুনিয়াদী অৰ্হতা গঢ়ি তুলি জ্ঞানমূলক বিকাশ, সমালোচনাত্মক চিন্তাধাৰা, আৰু সমস্যা সমাধান দক্ষতা বৃদ্ধি কৰে। এই দক্ষতাসমূহে আৰ্থ-সামাজিক আৰু আৱেগিক বিকাশও বৃদ্ধি কৰে, লগতে যোগাযোগ, সহানুভূতি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।
আজীৱন শিক্ষণ আৰু অৰ্থনৈতিক সবলীকৰণ নিশ্চিত
কৰা : আজীৱন শিক্ষণ,
অৰ্থনৈতিক সবলীকৰণ,
শৈক্ষিক সফলতা, আৰু ব্যক্তিগত বৃদ্ধিৰ বাবে শক্তিশালী এফ এল এন(FLN) দক্ষতা অপৰিহাৰ্য। ই আধুনিক জীৱন যাত্ৰাত আগুৱাই যাওঁতে সিদ্ধান্ত লোৱাত আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।
শৈক্ষিক দূৰাৱস্থাৰ সৈতে মোকাবিলা কৰা : ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020(NEP) য়ে ভাৰতৰ শৈক্ষিক দূৰাৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত প্ৰায় ৫ কোটি শিশুৰ মৌলিক সাক্ষৰতা আৰু
সংখ্যাৰ দক্ষতাৰ অভাৱ। এই সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে আৰু শিক্ষা সংস্কাৰসমূহ
যাতে প্ৰভাৱশালী হয় তথা ছাত্ৰ-ছাত্ৰীসকলে বিস্তৃত পাঠ্যক্ৰমৰ পৰা
সম্পূৰ্ণৰূপে লাভৱান হ’ব পাৰে, তাৰ বাবে এফ এল
এন(FLN)ক অগ্ৰাধিকাৰ
দিয়াটো অতি প্ৰয়োজনীয়।
শিক্ষক আৰু সম্প্ৰদায়ক সবলীকৰণ : এফ এল এন(FLN) আগবঢ়োৱা প্ৰচেষ্টাসমূহৰ ভিতৰত শিক্ষকসকলক প্ৰয়োজনীয় দক্ষতা আৰু সম্পদৰ সৈতে সজ্জিত কৰা, যেনে পেছাদাৰী বিকাশৰ কাৰ্যসূচী, মানসম্পন্ন পাঠদান সামগ্ৰী যোগান আৰু প্ৰত্যক্ষ ভাবে সহায় কৰা। তাৰোপৰি অভিভাৱক আৰু সম্প্ৰদায়ক ইয়াৰ সৈতে জড়িত কৰিলে শৈক্ষিক পৰিৱেশ আৰু অধিক সমৃদ্ধ হয়, লগতে শিশুৰ শিক্ষণৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ চিন্তাধাৰা বিকশিত হয়।
ভাৰতত এফ এল এন (FLN)ৰ ভৱিষ্যত
বৰ্তমানে চলি থকা বিভিন্ন পদক্ষেপ আৰু বিকশিত শৈক্ষিক নীতিৰ সৈতে ভাৰতত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা Foundational Literacy and Numeracy(FLN) ৰ ভৱিষ্যত
আশাব্যঞ্জক দেখা গৈছে। এফ এল এন বিকাশৰ উদ্দেশ্যেৰে ভৱিষ্যতৰ
কিছুমান লক্ষ্য আৰু পদক্ষেপ ইয়াত উল্লেখ কৰা হৈছে:
এফ এল এন ৰ ৰাষ্ট্ৰীয় মিছন (NIPUN Bharat Mission): শিক্ষা
মন্ত্ৰালয়ে সাক্ষৰতা আৰু সংখ্যাৰ দক্ষতাৰ বিকাশৰ বাবে এক ৰাষ্ট্ৰীয়
পদক্ষেপ (NIPUN Bharat
Mission) আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে ২০২৬-২৭
চনৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ত এফ এল এন (FLN)ৰ সাৰ্বজনীন ফলাফল লাভ কৰা। ইয়াত শিক্ষকৰ সামৰ্থ্য বিকাশ, উচ্চমানৰ শিক্ষণ সামগ্ৰীৰ বিকাশ, আৰু ছাত্ৰৰ
অগ্ৰগতিৰ নিৰন্তৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মিশ্ৰিত শিক্ষণ পদ্ধতিঃ শিক্ষাত
প্ৰযুক্তিৰ একত্ৰীকৰণে এফ এল এন(FLN) ৰ ভৱিষ্যতত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।কিয়নো ডিজিটেল সঁজুলিৰ
সৈতে পৰম্পৰাগত শ্ৰেণীকোঠাৰ পাঠদানৰ সংমিশ্ৰণেৰে মিশ্ৰিত শিক্ষণ পদ্ধতিয়ে
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰিব আৰু লগতে তেওঁলোকৰ ব্যক্তিগত প্ৰয়োজন আৰু শিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।
বহুভাষিক শিক্ষাঃ এফ এল এন(FLN) ত বহুভাষিকতাক
গুৰুত্ব দিয়াৰ ফলত শিশুৱে অন্য ভাষালৈ পৰিৱৰ্তন হোৱাৰ আগতে নিজৰ মাতৃভাষাত
সাক্ষৰতা আৰু গাণিতিক দক্ষতা আহৰণ কৰিব পাৰিব। এই পদ্ধতিয়ে ধাৰণাসমূহৰ উন্নত ভাবে বুজি পোৱাত আৰু ধৰি ৰখাত সহায় কৰে।
সম্প্ৰদায়ৰ সংযোগ: এফ এল এন(FLN)ৰ প্ৰক্ৰিয়াত সম্প্ৰদায়ক জড়িত কৰাটো হৈছে এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।কাৰণ অভিভাৱক, স্থানীয় নেতা, আৰু সম্প্ৰদায়ৰ সংগঠনসমূহ জড়িত কৰা কাৰ্যসূচীসমূহে শিশুৰ শিক্ষণ আৰু বিকাশৰ
বাবে এক সহায়ক পৰিৱেশ সৃষ্টি কৰিব পাৰে।
শিক্ষকৰ বাবে নিৰন্তৰ পেছাদাৰী বিকাশ: শিক্ষকসকলৰ বাবে চলি থকা প্ৰশিক্ষণ আৰু পেছাদাৰী বিকাশৰ কাৰ্যসূচীয়ে তেওঁলোকক এফ এল এন(FLN)ৰ দক্ষতা ফলপ্ৰসূভাৱে শিকোৱাৰ বাবে শেহতীয়া শিক্ষাবিজ্ঞানৰ কৌশল আৰু সঁজুলিৰে সুসজ্জিত হৈ যাতে শিক্ষাদান কৰিব পাৰে সেয়া নিশ্চিত কৰিব।
Read more: NIPUN AXOM - নিপুন অসম কি
সামৰণি
নতুন শিক্ষা নীতিত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা Foundational Literacy and Numeracy (FLN) এ মূল আধাৰ হিচাপে থিয় দিছে, যিয়ে প্ৰতিজন শিক্ষাৰ্থীৰ শক্তিশালী শৈক্ষিক ভেটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। এই গুৰুত্বপূৰ্ণ দক্ষতাসমূহক অগ্ৰাধিকাৰ দি শিক্ষনীতিয়ে এক উজ্জ্বল ভৱিষ্যতৰ দিশত এক পথ প্ৰদৰ্শক হিচাপে আগবাঢ়ি আহিছে, য’ত প্ৰতিজন ছাত্ৰই লাভৱান হ’ব পাৰে আৰু নিজৰ সম্পূৰ্ণ সম্ভাৱনা সমূহক বিকশিত কৰিব পাৰে। এক উন্নত সমাজ গঢ় দিয়াত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা (FLN)-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এফ এল এন (FLN)ত থকা শিশুসকলৰ সবলীকৰণে তেওঁলোকৰ বাবে এক গৌৰৱজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ লগতে সমাজ আৰু ৰাষ্ট্ৰীয় উভয়ৰে উন্নয়ন প্ৰক্ৰিয়াত অংশীদাৰ হ’বলৈও তেওঁলোকক সুযোগ প্ৰদান কৰিছে।