NIPUN BHARAT IN ASSAMESE

Subhra Studies
0

    NIPUN BHARAT নিপুন ভাৰত মিছন 

    ভাৰতবৰ্ষই স্ৱাধীনতা লাভ কৰাৰ পিছৰে পৰা শিক্ষাখণ্ডত যথেষ্ঠ গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ ফলশ্ৰুতিত স্ৱাধীনতাৰ সময়ৰে পৰা এটাৰ পিছত এটাকৈ কেইবাটাও শিক্ষা সংক্ৰান্তীয় নীতি কেন্দ্ৰীয় চৰকাৰে প্ৰস্ত্তত কৰি উলিয়াইছে, কিন্তু সময়ৰ লগে লগে আৰ্খ-সামাজিক অৱস্খ, পৰিৱেশ, পৰিস্থিতি আদি সলনি হয়।সেইবাবে সময় প্ৰবাহৰ লগে লগে শিক্ষানীতিসমূহৰ সংস্কাৰ কৰিবলগীয়া হয়।

    ইয়াৰ আঁত ধৰিয়েই ভাৰতবৰ্ষত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰণয়ন কৰা হৈছিল ১৯৬৮ চনত। ইয়াৰ পিছত পুনৰাই ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুত কৰি উলিওৱা হয়।তাৰপিছত ১৯৯২ চনত  ইয়াৰ পুনৰ সংস্কৰণ (rvised) কৰা হয়।

NIPUN BHARAT IN ASSAMESE

                                           Read more: VIDYA PRAVESH IN ASSAMESE

    NIPUN BHARAT নিপুন ভাৰত মিছনৰ অৰ্থ

    শেহতীয়াকৈ ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে বহু বিশ্লেষণ তথা গবেষণাৰ অন্তত সকলো দিশ চালি-জাৰি চাই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰস্তুত কৰি উলিয়ায। এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিদ্যালয়ত বুনিয়াদী স্তৰৰ পৰাই শিক্ষাৰ্থী সকলৰ সাক্ষৰতা আৰু সাংখিকতাৰ কৌশল আহৰণৰ দক্ষতা বৃদ্ধিৰ বাবে এটা মিছনৰ পোষকতা কৰিছে ।ইয়াৰ ফলস্বৰূপে ২০২১ চনৰ ৫ জুলাই তাৰিখে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এটা মিছনৰ প্ৰৱৰ্তন কৰে সেয়া হৈছে "নিপুন ভাৰত"। এই মিছনকে NIPUN BHARAT নিপুন ভাৰত মিছন  National Initiative for Proficiency in Reading with Understanding and Numeracy (NIPUN)  বুলি জনা যায়।

    এই মিছনে ভাৰতৰ প্ৰতিটো শিশুৱে যাতে তৃতীয় শ্ৰেণীৰ শেষৰ ফালে সাক্ষৰতা আৰু সাংখিকতাৰ দক্ষতা আহৰণ কৰিব পাৰে সেয়া নিশ্চিত কৰে। নিপুন ভাৰত মিছনে পৰম্পৰাগত শিক্ষাব্যৱস্থাটোক এক সুসংহত, উপভোগ্য, আকৰ্ষণীয় তথা সৰ্বাংগীন বিকাশমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

    ইয়াত শিক্ষাগুৰুসকলক এনে এক অধ্যয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ দিয়া হয়, যাৰ দ্বাৰা শিক্ষাৰ্থীসকল বুনিয়াদী স্তৰৰ পৰাই ভাষাৰ দক্ষতা লাভ কৰাৰ লগতে সাংখিকতাৰ ধাৰণাও বিকশিত কৰিব পাৰে। তদুপৰি সমগ্ৰ শিক্ষাৰ অংশ হিচাপে ই ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ প্ৰাথমিক শিক্ষাৰ মৌলিক ধাৰণাসমূহ সম্পূৰ্ণ আয়ত্ব নকৰালৈকে শিকন প্ৰক্ৰিয়া চলাই ৰখা, শিক্ষকৰ প্ৰশিক্ষণ সমূহ উন্নত কৰা তথা শিক্ষাৰ্থী সকলৰ শৈক্ষিক অগ্ৰগতি তৰান্বিত কৰাৰ বাবে শিক্ষকৰ দক্ষতা আৰু কৌশলসমূহৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। 

    এই নিপুন ভাৰত NIPUN BHARATমিছনে ২০২৬-২০২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ অন্তত প্ৰত্যেক শিক্ষাৰ্থীয়ে যাতে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ দক্ষতা আহৰণ কৰিব পাৰে সেই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে।

                                  Read more:  NIPUN AXOM - নিপুন অসম কি

    নিপুন ভাৰত NIPUN BHARAT মিছনৰ অধীনত কোনবোৰ শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা হৈছে 

    এই নিপুন ভাৰত মিছনৰ অধীনত ৩ৰ পৰা ৯ বছৰ বয়সৰ শিশুসকলক অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ উপৰিও তৃতীয় শ্ৰেণীলৈকে বুনিয়াদী দক্ষতাৰ বিকাশ নোহোৱা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা শিশুসকলক তেওঁলোকৰ শৈক্ষিক পাৰদৰ্শিতা উন্নত কৰিবলৈ সমনীয়াৰ সহায়ৰ ব্যৱস্থা কৰা , শিক্ষকে নিৰ্দেশনা প্ৰদান কৰা তথা বিভাগীয় ফালৰ পৰা বিভিন্ন অতিৰিক্ত শিক্ষণ সামগ্ৰী যোগান ধৰা হ'ব।

NIPUN BHARAT IN ASSAMESE


    নিপুন ভাৰত NIPUN BHARAT মিছনৰ কাৰ্যাবলী সমূহ ভালদৰে বুজিবলৈ ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা প্ৰয়োজন -

  •     নিপুন ভাৰত মিছনে তৃতীয় শ্ৰেণীৰ অন্তত প্ৰতিজন শিক্ষাৰ্থীয়ে যাতে প্ৰত্যাশিত লক্ষ্যত উপনিত হব পাৰে, তাৰ বাবে অভিভাবক তথা সমাজৰ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব।
  •     নিপুন ভাৰত মিছনৰ অধীনত ৩ৰ পৰা ৯ বছৰ বয়সৰ শিশুসকলক অন্তৰ্ভুক্ত কৰা হৈছে।
  •     নিপুন ভাৰত মিছন কাৰ্যকৰি কৰিবলৈ এক পঞ্চস্তৰীয় আৰ্হি তৈয়াৰ কৰা হৈছে। এই আৰ্হিটো হল ৰাষ্ট্ৰীয় পৰ্যায়, ৰাজ্যিক পৰ্যায়, জিলাভাত্তিক পৰ্যায়, খণ্ডভিত্তিক পৰ্যায়, বিদ্যালয় পৰিচালনা সমিতি আৰু সমাজ জড়িতকৰণ।
  •     নিপুন ভাৰত মিছনে প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখিকতাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

                        Read more: What is Foundational Literacy and Numeracy FLN

নিপুন ভাৰত NIPUN BHARAT মিছনৰ প্ৰত্যাশিত শৈক্ষিক ফলাফল-

    ভাৰতৰ শিক্ষাব্যৱস্থাত নিপুন ভাৰত মিছনে যথেষ্ঠ ইতিবাচক প্ৰভাৱ পেলাইছে। এই মিছনে শিশুৰ ভাষাৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে গাণিতিক ধাৰণাৰ বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে।তলত নিপুন ভাৰত মিছনৰ কিছু ইতিবাচক ফলাফলৰ বিষয়ে আলোচনা কৰা হল-

  •     ছাত্ৰ-ছাত্ৰীৰ ভা্ষা আৰু সাংখিকতাৰ বুনিয়াদী দক্ষতাৰ  বিকাশৰ ওপৰত গুৰুত্ব দি সিহঁতৰ বিদ্যালয় ত্যাগকৰা প্ৰৱণতা হ্ৰাস কৰা।
  •     নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰা।
  •     ইয়াত ক্ৰিয়া-কলাপ ভিত্তিক আৰু অনুকূল পাঠদানৰ বাবে শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা।
  •      বিদ্যালয়সমূহত শিক্ষণ-শিকন প্ৰক্ৰিয়াক আনন্দদায়ক আৰু আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন ক্ৰিয়া-কলাপ ভিত্তিক পাঠদানৰ ব্যৱস্থা কৰা।
  •     প্ৰতিটো শিশুৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰা, যাতে শিশুৱে প্ৰাপ্ত মৌলিক জ্ঞানেৰে সমাজত সকলোৰে সৈতে সহাৱস্থান কৰিব পাৰে।

    ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে প্ৰাক প্ৰাথমিক স্তৰৰ পৰাই শিশু সকলক এটা নিৰ্দিষ্ট শৈক্ষিক প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়়াই নিব পাৰিলে সিহঁতৰ সামগ্ৰিক বিকাশ সাধন সম্ভৱপৰ হব। এই লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ তত্বাবধানত শিক্ষা মন্ত্ৰালয়ে ওপৰত আলোচিত এই বৃহত্তৰ  নিপুন ভাৰত NIPUN BHARAT মিছনৰ কাৰ্যসূচী  হাতত লৈছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিশু সকলৰ সাক্ষৰতা আৰু সাংখিকতাৰ দক্ষতা তথা কৌশল বিকাশৰ লগতে সামগ্ৰিকভাবে উন্নতি সাধন হ'ব।

Post a Comment

0Comments

Post a Comment (0)