NIPUN AXOM - নিপুন অসম কি

Subhra Studies
0

    NIPUN AXOM নিপুন অসম কি 

    নিপুন অসম NIPUN AXOM বুলি ক'লে বুনিয়াদী স্তৰত সকলো শিশুৱে এটি পাঠ পঢ়ি বুজি পোৱাৰ কৌশল আহৰণ কৰি  আৰু বুজি লৈ সঁহাৰি জনাব পৰা আৰু নিজে লিখিব পৰা হোৱা দক্ষতাক বুজোৱা হয়। 

NIPUN AXOM - নিপুন অসম কি


    NIPUN AXOM নিপুন অসমৰ বিকাশ

    ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এ ২০২৬-২৭ চনৰ ভিতৰত বুনিয়াদী স্তৰত সাৰ্বজনীন সাক্ষৰতা আৰু সাংখিকতাৰ কৌশল সমূহ আয়ত্ব কৰাৰ বিষয়ৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিযানৰ পোষকতা কৰিছে। ইয়াৰ ফলস্বৰূপে ২০২১ চনৰ ৫ জুলাই তাৰিখে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এটা অভিযান প্ৰৱৰ্তন কৰে সেয়া হৈছে "নিপুন ভাৰত"। 'নিপুন' শব্দৰ অৰ্থ - "বোধগম্য পঠনৰ সৈতে সাংখিকতাৰ বিকাশৰ বাবে গ্ৰহণ কৰা এক ৰাষ্ট্ৰীয় পদক্ষেপ।" (NIPUN BHARAT : National Initiative for Proficiency in Reading with Understanding and  Numeracy ) নিপুন ভাৰত অভিযানে বুনিয়াদী স্তৰৰ পৰা তৃতীয় শ্ৰেণীলৈকে অধ্যয়ন কৰা সমূহ শিক্ষাৰ্থীক সামৰি লৈছে।

NIPUN AXOM - নিপুন অসম কি


     অসম চৰকাৰে "নিপুন ভাৰত " অভিযানৰ আধাৰত ২০২১ চনৰ ১৬ নবেম্বৰত ৰাজ্যত "নিপুন অসম" নামেৰে এই অভিযানৰ আৰম্ভণি কৰে। এই অভিযানে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে পঢ়া সকলো ছাত্ৰ-ছাত্ৰীক সামৰি লৈছে।যাতে ২০২৬-২৭ বৰ্ষৰ ভিতৰত তৃতীয় শ্ৰেণীলৈ অধ্যয়ন কৰা প্ৰতিজন শিক্ষাৰ্থীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ অৰ্হতা আৰু কৌশল সমূহ পৰিপূৰ্ণ ভাবে আয়ত্ব কৰিবলৈ সক্ষম হয়।

    NIPUN AXOM নিপুন অসম অভিযানৰ লক্ষ্য:

     বোধগম্য পঠন: বুনিয়াদী সাক্ষৰতাৰ এটা মূল লক্ষ্য বোধগম্য পঠন ।  প্ৰাক প্ৰাথমিক স্তৰত ছাত্ৰ ছাত্ৰীয়ে যদি পাঠ এটা পঢ়ি বুজি পায় তেনেহ'লে বুজি পাব লাগিব যে ছাত্ৰ বা ছাত্ৰীজনীয়ে বোধসহ পঢ়িব পাৰিছে।

     অৰ্থপূৰ্ণ লিখন: শিশু এটি‌য়ে বোধসহ পঢ়াৰ লগতে যাতে অৰ্থপূৰ্ণ ৰূপত লিখা কৌশল আয়ত্ব কৰিবলৈ সক্ষম হয় ; এয়া বুনিয়াদী সাক্ষৰতাৰ এক অন্যতম লক্ষ্য।

     সাংখিকতাৰ বোধগম্যতা: বুনিয়াদী স্তৰত শিশু এটিয়ে যাতে গাণিতিক প্ৰক্ৰিয়াৰ যোগ বিয়োগ পূৰণ আৰু হৰণৰ মাধ্যমেৰে সংখ্যাৰ বিমূৰ্ত প্ৰয়োগৰ লগতে ইয়াক দৈনন্দিন জীৱনত ব্যাপক পৰিমাণে ব্যৱহাৰ কৰিব পাৰে।

     জীৱনৰ বুনিয়াদী কৌশল:  নিপুন অসমৰ আন এক উল্লেখযোগ্য লক্ষ্য হৈছে শিশু এটিক ঘৰ আৰু বিদ্যালয়ত উপযুক্ত পৰিবেশ প্ৰদান কৰি বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে সামগ্ৰিক আৰু আৱেগিক ভাবে শক্তিশালী কৰি তোলা। ইয়াৰ ফলত শিশুসকলে জীৱন নিৰ্বাহৰ বুনিয়াদী কৌশল সমূহ আয়ত্ব কৰিবলৈ সক্ষম হ'ব।


 





Post a Comment

0Comments

Post a Comment (0)