Skill development of child শিশুৰ বাবে প্ৰয়োজনীয় কিছুমান দক্ষতাৰ বিকাশ
সাধাৰণতে শিশুৰ সৈতে সম্পৰ্কিত জীৱনৰ দক্ষতাৰ ধাৰণাটো আমাৰ বাবে তুলনামূলকভাৱে নতুন। আগতে ধাৰণা কৰা হৈছিল যে শিশুসকলৰ দক্ষতাৰ বিকাশ Skill development প্ৰক্ৰিয়া শৈক্ষিক আৰু সৰ্বাধিক কেইটামান খেলৰ মাজতে সীমাবদ্ধ থাকিব লাগে। পিছে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ শিক্ষাবিদসকলে সকলো বয়সৰ শিশুসকলক বিশেষ দক্ষতা প্ৰদানৰ বিষয়ে বিভিন্ন মতামত উল্লেখ কৰিছে। ইয়াৰ ভিতৰত সামাজিক দক্ষতা যেনে যোগাযোগ আৰু দলীয় কাম কৰা, উন্নত জ্ঞানমূলক দক্ষতা যেনে সমস্যা সমাধান আৰু বিশ্লেষণ কৰা আদি বিশেষভাবে উল্লখযোগ্য। শিশুসকলে সৰুৰেপৰা এইবোৰ দক্ষতা আহৰণ কৰিব পাৰিলে সিহঁতৰ সৰ্বাংগীণ বিকাশ সাধন হয়।
কণ কণ শিশুসকলৰ বাবে প্ৰয়োজনীয় প্ৰধান ৭টা গুৰুত্বপূৰ্ণ দক্ষতা
১/ সমস্যা সমাধান
আমাৰ জীৱনটো হৈছে বিভিন্ন সমস্যাৰে
পৰিপূৰ্ণ।জীৱনৰ এই সমস্যাসমূহ নিজৰ বুদ্ধিমত্তাৰে সমাধান কৰি ইয়াৰ পৰা সুযোগ
উলিয়াই জীৱনত আগবাঢ়ি যাব লাগে। কিন্তু সমস্যা সমাধানৰ এই দক্ষতা
যদি আগতীয়াকৈ বিকশিত নহয়,
তেন্তে
বহু শিশুৱে পৰবৰ্তি সময়ত জীৱনৰ যিকোনো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে নিজকে তাৰপৰা উলিয়াই
আনিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। স্বতন্ত্ৰভাবে সমস্যা সমাধানৰ লগতে কোনো
এটা বিষয় ভালদৰে বুজি পোৱা, সমস্যা সমাধানৰ বিকল্পসমূহ চালি-জাৰি চোৱা, পিছত এটা সঠিক সিদ্ধান্তত
উপনিত হোৱা আৰু ইয়াক কাৰ্যকৰী কৰাৰ ক্ষমতা জড়িত হৈ থাকে। এইটো শুনিবলৈ আচলতে
একেবাৰে সহজ যেন লাগিব পাৰে, কিন্তু ই মনৰ এক অত্যাধুনিক প্ৰক্ৰিয়া য’ত বুদ্ধিমত্তা, ধৈৰ্য্য আৰু ব্যৱহাৰিক অভিজ্ঞতা
অন্তৰ্নিহিত হৈ আছে।
শিশুসকলৰ এই সমস্যা সমাধানৰ দক্ষতাৰ বিকাশ সাধন বা Skill developmentৰ বাবে কিছুমান অনুশীলন কৰাব লাগে, সেইবোৰ হল , শব্দজাল খেল, ব্লকৰ জৰিয়তে আকৃতি তৈয়াৰ আৰু প্ৰকল্প তৈয়াৰ কৰা আদি।ইয়াৰ লগতে বৰ্তমান সময়ৰ সৈতে সামঞ্জস্য ৰাখি শিশুসকলক কম্পিউটাৰৰ দক্ষতা আৰু ক’ডিংৰ ধাৰণা, বিভিন্ন ধৰণৰ ডিজিটেল মাধ্যমৰ সৈতে পৰিচয় কৰাই দিলে সিহঁতে আধুনিক কাৰিকৰী সমস্যা সমাধানৰ ক্ষেত্ৰতো দক্ষতা লাভ কৰিবলৈ সক্ষম হ'ব।
Read more: What is Foundational Literacy and Numeracy FLN
২/ মনোনিৱেশ আৰু একাগ্ৰতা
কোমল মনৰ শিশুসকলৰ মগজু অতি সক্ৰিয় থাকে। কিয়নো এই সময়চোৱাত
শিশুসকলে অতি সোনকালে নিজৰ ইন্দ্ৰীয়ৰ সহায়ত বিভিন্ন সংবেদনশীল তথ্যৰ সংস্পৰ্শলৈ
আহে আৰু শিকিবলৈ সক্ষম হয়।। এইটো বয়সত শিশুসকলে আমি ভবাতকৈও তীব্ৰ গতিত
শিকিব পাৰে।
আকৌ এই সময়চোৱাত শিশুসকলৰ বাবে অতিৰিক্ত তথ্যৰ বাবে এটা কামত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে।সেইবাবে এই বয়সত কোনো এটা বিষয়ত মনোযোগ বৃদ্ধি কৰিবলৈ সিহঁতক কিছুমান কাৰ্য্যকলাপ যেনে ছৱি চাই কাহিনি বুজিবলৈ যত্ন কৰা, ছৱি চাই আকিবলৈ চেষ্টা কৰা, ব্লকৰ জৰিয়তে কোনো আৰ্হি তৈয়াৰ কৰা আদি কৰিবলৈ দিব লাগে। এইবোৰ ক্ৰিয়া-কলাপত জড়িত কৰাই শিশুসকলক সিহঁতৰ মনলৈ স্থিৰতা অনাত সহায় কৰে আৰু লগতে সিহঁতৰ সৃষ্টিশীল দক্ষতা ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ বিকাশ সাধন হয়।এনেদৰে সিহঁতে এটা কামত মনোনিৱেশ কৰাত সহায়ক হয়।। গতিকে, যদি কোনো শিশুৱে কোনো বিশেষ পাঠ অধ্যয়নত মনোনিৱেশ কৰা নাই, তেন্তে তেওঁলোকক কোনো শিল্পকৰ্ম ব্যৱহাৰ কৰি শিকাবলৈ চেষ্টা কৰিব লাগে। একাগ্ৰতাই শিশুক পঢ়া-শুনাত সহায় কৰে আৰু শ্ৰেণী পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব পাৰে লগতে জীৱনত ভালদৰে আগুৱাই যাবলৈ সক্ষম হয়।
শিশুসকলক সদায় প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰিবলৈ সুস্থ
পৰিৱেশ গঢ় দিবলৈ প্ৰয়াস কৰিব লাগে। কিন্তু ইয়াৰ লগতে শিক্ষকে কেনেকৈ উত্তৰ
দিয়ে আৰু তেওঁলোকৰ কৌতুহলক আৰু অধিক বঢ়াব পাৰে সেইটোৱেই সকলো পাৰ্থক্যৰ সৃষ্টি
কৰে।শিক্ষকে প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰশ্নবোৰৰ বিষয়ে বিতংভাৱে
আলোচনা কৰি,
উত্তৰ
কি হ’ব পাৰে সেই বিষয়ে চিন্তা
কৰিবলৈ বাধ্য কৰাব লাগে তেতিয়াহে সিহঁতৰ পূৰ্ণ বিকাশ সাধন হয়।
৩/ অভিযোজন ক্ষমতা
শিশুসকলক সৰুৰে পৰা বিভিন্ন জটিল পৰিস্থিতিৰ
সৈতে খাপ খাই চলিবলৈ প্ৰশিক্ষিত কৰি তুলিব লাগে। যাতে সিহঁতে যিকোনো প্ৰতিকুল
পৰিবেশ তথা পৰিস্থিতিত পৰিলেও সন্মুখীন হোৱা সমস্যাসমূহ বুজি লৈ ইয়াৰ সমাধানসূত্ৰ নিজৰ বিবেক বুদ্ধিৰে সহজে উলিয়াই লৱ পাৰে। ইয়াৰ যোগেদি সিহঁতৰ যিকোনো পৰিস্থিতিৰ
সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ কৰ্ম উদ্যমী মানসিকতা গঢ় লৈ উঠে।শিশুসকলে ৰুটিন মানি চলি
ভাল পায়;
ইয়ে
তেওঁলোকে কেতিয়া কি কৰিব লাগে সেই বিষয়ে শিকিবলৈ সুবিধা কৰি দিয়ে। কিন্তু ইযাৰ বিপৰীতে যিসকল
শিশুৱে কঠিন নিৰ্দেশনাৰ মাজেৰে ডাঙৰ-দীঘল হয় আৰু সৃষ্টিশীলতা বা ঘৰৰ কোঠালীৰ
বাহিৰৰ পৰিস্থিতি সম্পৰ্কে কোনো ধাৰণা নাথাকে তেওঁলোকে ভবিষ্যত জীৱনত বিভিন্ন সমস্যাৰ
সন্মুখীন হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে।
সেয়েহে বিদ্যালয়ত কেতিয়াবা শ্ৰেণীকোঠাৰ
পৰিৱেশ সলনি কৰি নাইবা বিভিন্ন ক্ৰিয়া-কলাপৰ জৰিয়তে মাজে মাজে জটিল পৰিস্থিতিৰ
সৃষ্টি কৰি তাৰপিছত ছাত্ৰ-ছাত্ৰীসকলক সেই পৰিস্থিতিত নিজকে খাপ
খুৱাই লোৱাৰ বাবে সুযোগ দিব লাগে। তাৰোপৰি শ্ৰেণীকোঠাত
কোনো সমস্যা উপস্থাপন কৰি তাৰ পিছত এক আনন্দদায়ক পৰিবেশৰ সৃষ্টি কৰিলেও শিশুৰ অভিযোজন
ক্ষমতা গঢ়ি উঠিব পাৰে। শিশুসকলক সংখ্যাজাল, গাণিতিক চাৰ্টকে ধৰি এটাতকৈ বেছি ভাষাত
কোৱাৰ লগতে লিখাৰ ক্ষমতা গঢ়ি তোলা দক্ষতা বিকাশ কৰিলে মগজুৰ এনে কিছুমান অংশ
সৰুৰে পৰাই সক্ৰিয় হয় যাৰ ফলস্বৰূপে সিহঁতে দ্ৰুতভাৱে সলনি হোৱা পৰিস্থিতিৰ সৈতে
সমাযোজন কৰিব পাৰে বা খাপ খাব পাৰে।
Read more: VIDYA PRAVESH IN ASSAMESE বিদ্যাপ্ৰৱেশ কি
৪/ স্ব-শিক্ষণ
সময়ৰ লগে লগে আধুনিকতাৰ প্ৰভাৱত শিক্ষকৰ ওপৰত
শিশুসকলৰ নিৰ্ভৰশীলতা বহু পৰিমানে কমি আহিছে।এতিয়া সহজে উপলব্ধ হোৱা
মোবাইলত শিশুসকলে মাত নুফুটা বয়সৰ পৰাই শিক্ষামূলক বিভিন্ন ভিডিঅ চাই নিজে নিজে
পঢ়িবলৈ শিকে।কিয়নো অতি আকৰ্ষণীয় ভাবে প্ৰস্তুত কৰা অনলাইন টিচিং মডিউল সমূহে বিভিন্ন ক্ৰিয়া-কলাপৰ
জৰিয়তে শিকন প্ৰক্ৰিয়াটো আগুৱাই নিয়ে।ইয়াৰ ফলস্বৰূপে শিশুসকলে আত্ম-অনুশাসনৰ সৈতে নিজাববীয়াকৈ
শিকিব পৰা হয়।যিটো বয়জ্যোষ্ঠ সকলৰ বাবে এক নতুন অভিজ্ঞতা৷এয়াই হৈছে অনলাইন শিক্ষা
ব্যাৱস্থা, সময়ৰ সৈতে ইয়াৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব। ইয়াত শিক্ষাৰ বহুতো
নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ’ব আৰু আমাৰ শিশুসকলে বিভিন্ন ক্ষেত্ৰত, যিকোনো বয়সতে জ্ঞান আহৰণ
কৰিবলৈ সক্ষম হ’ব।
শিকনৰ এই দিশটোৰ সৈতে আচলতে শ্ৰেণীকোঠাৰ
বাহিৰত ব্যক্তিগতভাবে শিক্ষণত জড়িত হোৱাৰ দক্ষতা অন্তৰ্নিহিত হৈ থাকে, অভিভাৱকসকলে এইক্ষেত্ৰত
নিজৰ সন্তানক বিভিন্ন শব্দজাল, সংখ্যাজাল আদি সমাধান কৰিবলৈ, শব্দ আৰু বাক্য নিজাববীয়াকৈ সৃষ্টি
কৰিবলৈ উৎসাহ প্ৰদান কৰিব লাগে। ইয়াৰ ফলত সিহঁতৰ মনত আত্মবিশ্বাস বৃদ্ধি পায় আৰু
অধ্যয়নত মনোনিৱেশ কৰে, যাৰ ফলত সিহঁতৰ মাজত ভালদৰে শিকিব পৰা দক্ষতা ঠন ধৰি উঠে।
৫/ প্ৰত্যাহ্বান গ্ৰহণ কৰা
সাধাৰণতে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ পৰা
সদায় আঁতৰি থকা শিশুসকল ভৱিষ্যত জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমানে
অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। আচলতে প্ৰত্যাহ্বান গ্ৰহণ কৰি লৈ জীৱনত আগুৱাই
যোৱাৰ পথত বহুতো দক্ষতা জড়িত হৈ থাকে, যেনে মনোযোগ, অভিযোজন
ক্ষমতা, সমালোচনাত্মক চিন্তাধাৰা ব্যৱহাৰ কৰা আৰু
আত্মবিশ্বাস আদি।
আনহাতেদি প্ৰত্যাহ্বান ভাল পোৱা শিশুসকল সদায়
নেতৃত্ব গ্ৰহণ, দলীয় কাম কৰা, নিজে কামৰ উদ্যোগ লোৱা আদিত আগভাগ লোৱা দেখা যায়। আচলতে এইবোৰেই হৈছে
ভৱিষ্যতৰ উদ্যোগী আৰু উদ্ভাৱকসকলৰ বাবে ভেটি নিৰ্মাণ প্ৰক্ৰিয়া। প্ৰত্যাহ্বানক লৈ শংকিত
হোৱা শিশুসকলক চূড়ান্ত ফলাফলৰ বিচাৰ নকৰি কেৱল চেষ্টা কৰিবলৈ উৎসাহিত কৰিব পাৰিলে
সিহঁতে বিফলতা আৰু শংকাৰ পৰা দ্ৰুত ভাবে মুক্তি লাভ কৰে। সেইবাবে প্ৰতিবাৰেই
সিহঁতে আকাংক্ষিত ফলাফলৰ অলপ ওচৰ চাপিলেই সিহঁতক আৰু ভালদৰে কাম কৰিবলৈ সমৰ্থন আৰু
অনুপ্ৰাণিত কৰা প্ৰয়োজন।
৬/ যোগাযোগ
শিশুসকলক সৰুৰে পৰা আনৰ সৈতে নিজৰ মনৰ ভাব
প্ৰকাশ কৰিবলৈ প্ৰেৰণা দিয়া প্ৰয়োজন।ইয়াৰ ফলত শিশুসকলে প্ৰথমতে পৰিয়ালৰ মানুহৰ
সৈতে আৰু পাছলৈ আন মানুহৰ সৈতে আন্তৰিক যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হয়। তাৰোপৰি লগ সমনীয়াৰ সৈতে খেল-ধেমালিৰ মাধ্যমত
যোগাযোগ স্থাপন হয়।এইদৰে মনৰ ভাব প্ৰকাশ কৰাৰ ফলত সিহঁতৰ শব্দভাণ্ডাৰ বৃদ্ধি পায়।এনেদৰে
সকলোৰে সৈতে আন্তৰিকতাৰে ফলপ্ৰসূভাৱে যোগাযোগ কৰাৰ ক্ষমতাই শিশুসকলক ভবিষ্যতে
সিহঁতৰ শৈক্ষিক, পেছাদাৰী আৰু ব্যক্তিগত জীৱনত সহায় কৰে।
ঘৰুৱাভাবে শিশুসকলৰ মনৰ ভাব আদান-প্ৰদান
কৰাটো আগতীয়াকৈ আৰম্ভ হয়।এইদৰে সামাজিক ইংগিত পঢ়া, শুনা
আৰু বুজি পোৱা, আৰু নিজকে ভদ্ৰ আৰু আত্মবিশ্বাসেৰে প্ৰকাশ
কৰাৰ ক্ষমতা শিশুসকলৰ মাজত ৩ বছৰ বয়সৰ পৰাই গঢ়ি তুলিব পাৰি। শিশু এটাই ডাঙৰ
হোৱাৰ লগে লগে বিচলিত বা আক্ৰমণাত্মক নহৈ আলোচনা কৰা, সংঘাত সমাধান কৰা আৰু
ধীৰ-স্থিৰ ভাবে ইতিবাচক উপায়েৰে কথা কোৱাৰ শৈলী শিকিবলৈ আৰম্ভ কৰে।
৭/ কাৰিকৰী দক্ষতা
বৰ্তমানৰ জগতখন কম্পিউটাৰ এআই সমৰ্থিত যান্ত্ৰিক
পৰিৱেশলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে এই সকলোবোৰ কেনেকৈ কাম কৰি আছে সেয়া জনাটো সকলোৰে
বাবে অতি গুৰুত্বপূৰ্ণ। AI এপ্লিকেচনসমূহ, এইবোৰৰ সীমাবদ্ধতাসমূহ আৰু
ক্ষমতাসমূহ সদায় পৰিৱৰ্তিত হৈ থাকে।এইবোৰে শিশুৰ মনোজগতত যথেষ্ট পৰিমাণে প্ৰভাৱ
পেলায়।
সেয়েহে আজিৰ দিনত শিশুসকলক সৰুৰে পৰা যান্ত্ৰিক সামগ্ৰী সমূহ ভালদৰে চালি-জাৰি চাই ব্যৱহাৰ কৰিবলৈ দিব লাগে। লগতে সিহঁতক এইবোৰ সামগ্ৰী ব্যৱহাৰৰ ভাল-বেয়া সম্পৰ্কে সৰুৰে পৰাই শিকাই দিব লাগে।তাৰোপৰি সিহঁতক এইবোৰ যান্ত্ৰিক সামগ্ৰীৰ কাৰিকৰী দিশ সম্পৰ্কে ভালকৈ অবগত কৰাব লাগে।এনেদৰে সৰুৰে পৰা সিহঁতক দক্ষ কৰি তুলিলে অদূৰ ভৱিষ্যতে সিহঁতে কোনো সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।
সামৰণি
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে শিশুৰ সামগ্ৰিক বিকাশ সাধনৰ বাবে সৰুৰে পৰা এইবোৰ দক্ষতাৰ বিকাশ Skill developmentৰ বাবে কাম কৰাটো অতিকৈ প্ৰয়োজন। এইবোৰৰ বিকাশে শিশুক আত্মবিশ্বাসী কৰি গঢ়ি তোলে।ইয়াৰ ফলত শিশুৰ ভবিষ্যত জীৱনৰ পথ প্ৰশস্ত হয় আৰু সিহঁতে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত থাকে।