VIDYA PRAVESH IN ASSAMESE

Subhra Studies
0

     VIDYA PRAVESH IN ASSAMESE বিদ্যাপ্ৰৱেশ কি

    VIDYA PRAVESH IN ASSAMESE বিদ্যাপ্ৰৱেশ হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ অনুমোদিত প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰস্তুত কৰা এক বৃহত্তৰ কাৰ্যসূচী।ইয়াৰ জৰিয়তে বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা শিশুসকলক এক আনন্দদায়ক পৰিবেশৰ মাজেৰে আদৰণি জনোৱা হয়।

VIDYA PRAVESH IN ASSAMESE

    VIDYA PRAVESH বিদ্যাপ্ৰৱেশৰ আৰম্ভণি

    বুনিয়াদী স্তৰত শিশু সকলৰ বৃদ্ধি , সামগ্ৰিক বিকাশ তথা শিক্ষাৰ সুসংহত ভেটি স্থাপন প্ৰক্ৰিয়াটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশু সকলৰ সু-স্বাস্থ্য, সুস্থ জীৱন-যাপন, ভাষাৰ সাক্ষৰতাৰ লগতে গাণিতিক চিন্তাধাৰা বিকশিত হোৱা,পৰিবেশ কেন্দ্ৰীক সজাগতাৰ বিকাশ আৰু সামাজিক ভাৱে নিয়াৰিকৈ ভাৱ বিনিময় কৰা আদি দক্ষতা সমূহৰ বিকাশ সাধনৰ উদ্দেশ্যে এই স্তৰত সমতাপূৰ্ণ গুণগত মান সম্পন্ন শিক্ষা সহজলভ্য হোৱাটো অতিশয় প্ৰয়োজনীয়। এইটো বিষয়ৰ আঁত ধৰিয়েই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ অনুমোদন ক্ৰমে"নিপুন অসম" অভিযানে শিশু সকলৰ সৰ্বোৎকৃষ্ট শিকনৰ অৰ্থে বিদ্যালয় সমূহত প্ৰথম শ্ৰেণীৰ আৰম্ভণিতে প্ৰাক প্ৰাথমিক শিশুৰ বাবে প্ৰয়োজনীয় মূল অৰ্হতা সমূহ আয়ত্ব কৰাত গুৰুত্ব দি ১১ সপ্তাহৰ (বিদ্যা প্ৰৱেশ) VIDYA PRAVESH কাৰ্যসূচী ৰাজ্যিক শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদ, (SCERT) অসমে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ বাবে বিভাগে বিদ্যালয় প্ৰস্তুতি ৰ কাৰ্যপত্ৰ তৈয়াৰ কৰিছে। এই কাৰ্যপত্ৰ খনৰ জৰিয়তে বিদ্যালয় সমূহত প্ৰাক প্ৰাথমিক স্তৰত হৈ থকা শিকনৰ ঘাটি পূৰাবলৈ সহায়ক হ'ব।যিবোৰ শিশু বুনিয়াদী স্তৰৰ পৰাই শাৰীৰিক আৰু মানসিক বিকাশৰ পৰিকাঠামো সুদৃঢ় হয়; সেইবোৰ শিশু পিছলৈ লাভ কৰা কৌশল আৰু ধাৰণা সমূহ অতি সহজে আৰু তাৎক্ষণিকভাৱে আয়ত্ব কৰিবলৈ সক্ষম হয়।

    সেইবাবে এইবোৰ দিশ চালি-জাৰি চাই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আঙুলিয়াই দিছে যে বৰ্তমান সময়তো বহুসংখ্যক প্ৰাথমিক বিদ্যালয়ৰ শিশু বিশেষকৈ বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ কৌশলসমূহ পৰিপূৰ্ণ ভাবে আয়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে শিকন প্ৰক্ৰিয়াত আনন্দদায়ক আৰু বৌদ্ধিক বিকাশ সাধন কৰিবলৈ সক্ষম হোৱা বিভিন্ন ক্ৰিয়া-কলাপৰ অন্তৰ্ভুক্ত কৰি বিভিন্ন পৰিবেশৰ পৰা অহা শিশু সকলক একত্ৰিত ভাবে প্ৰয়োজনীয় শিক্ষাৰ মূল কৌশল সমূহ আয়ত্ব কৰিবলৈ সুযোগ সুবিধা প্ৰদান কৰি দিব পাৰিলে সিহঁতৰ সৰ্বতোপ্ৰকাৰে বিকাশ সাধন কৰা সম্ভৱ হ'ব। (বিদ্যা প্ৰৱেশ) VIDYA PRAVESH হৈছে 'নিপুন ভাৰত'ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ এক ৰাষ্ট্ৰীয় অভিযান। ভাৰত চৰকাৰৰ অনুমোদনমৰ্মে প্ৰাক প্ৰাথমিক স্তৰত বিভিন্ন অঞ্চলৰ পৰা বিদ্যালয়লৈ অহা সকলো ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে এই কাৰ্যপত্ৰ খন ব্যৱহাৰ কৰা হ'ব। কাৰ্যপত্ৰ খনত থকা বিভিন্ন ক্ৰিয়া-কলাপ সমূহ শিক্ষাৰ্থীসকলক শিকোৱাৰ আগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে ক্ৰিয়া-কলাপৰ সৈতে জড়িত বিভিন্ন শিক্ষণ শিকন সজুঁলি সমূহ সাজু কৰি ৰখা প্ৰয়োজন, কিয়নো তেতিয়াহে শিক্ষাৰ্থীসকলক বিভিন্ন ধাৰণা সমূহ সাৱলীল ভাবে শিকাব পৰা যাব।এইদৰে প্ৰথমৰ পৰাই শিশু সকলক দক্ষতা সহকাৰে আগবঢ়াই নিব পাৰিলে সিহঁতৰ বিদ্যালয়ৰ পৰিবেশত সমাযোজন কৰোঁতে সুবিধা হ'ব।

    বিদ্যাপ্ৰৱেশ হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা অভিযানৰ এটা অংশ।বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা অভিযানৰ মূল উদ্দেশ্য হৈছে প্ৰাক প্ৰাথমিক স্তৰত শিশুসকলক বোধগম্য পঠনৰ ক্ষেত্ৰত দক্ষ কৰি তোলা ।অৰ্থাত একেবাৰে নিম্ন শ্ৰেণীৰ পৰাই যাতে শিশু এটিয়ে পাঠ পঢ়ি বুজি পায় আৰু সহাৰি জনাব পাৰে আৰু পাঠ বুজি লৈ নিজে লিখিব পাৰে। ইয়াৰ উপৰি গাণিতিক দিশত শিশু এটিয়ে সৰুৰে পৰাই যাতে যোগ, বিয়োগ, পূৰণ, হৰণ আদিৰ ধাৰণা লাভ কৰে আৰু ব্যাবহাৰিক দিশত ইয়াৰ প্ৰয়োগ কৰিব পাৰে।তাৰোপৰি শিশু এটিয়ে ৰং কৰা , চিত্ৰ অংকণ কৰা, সাধাৰণ সমস্যা সমূহ স্ৱাধীনভাবে সমাধা কৰিবলৈ যত্ন কৰা আদিবোৰ হৈছে এই অভিযানৰ অন্যতম লক্ষ্য।এইদৰে প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰম্ভণীৰে পৰা প্ৰতিটো দিশত দক্ষতা আহৰণ কৰিব পাৰিলে তৃতীয় শ্ৰেণীৰ অন্তত পৰিপূৰ্ণভাবে পৰবৰ্তী স্তৰৰ শৈক্ষিক ধাৰণাসমূহ আয়ত্ব কৰিবলৈ সক্ষম হৈ উঠিব।তেতিয়াহে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ কাংক্ষিত উদ্দেশ্য সফল হব।

                                                                   Read More:   NIPUN AXOM - নিপুন অসম কি


VIDYA PRAVESH IN ASSAMESE

    VIDYA PRAVESH বিদ্যাপ্ৰৱেশ কাৰ্য্যসূচীৰ লক্ষ্যঃ-

  • লক্ষ্য ১ঃ শিশুসকল সু-স্ৱাস্থ্যৰ অধিকাৰী হব আৰু সুস্থ জীৱন-যাপন কৰিব।
  • লক্ষ্য ২ঃ শিশুসকল সফল ভাব বিনিময়কাৰী হ'ব।
  • লক্ষ্য ৩ঃ শিশুসকলে তাতক্ষণিক পৰিবেশৰ লগত সংযোগ স্থাপন কৰি শিকনত জড়িত হব।

    সামৰণি

    ওপৰত আলোচনা কৰাৰ দৰে বুনিয়াদী স্তৰত যি ১১ সপ্তাহৰ কাৰ্যসূচী ধৰি দিয়া হৈছে সেয়া আচলতে নিৰবচ্ছিন্নভাবে চলাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়।কিয়নো তেতিয়াহে শিশু এটিৰ সৰ্বাংগীন বিকাশ সাধন হব।

    সাধাৰণতে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত শিশুসকল বিভিন্ন পৰিবেশৰ পৰা আহে। তাৰে মাজত কিছুমান শিশু প্ৰত্যক্ষ ভাবে প্ৰথমশ্ৰেণীত নাম লগায়। কিছুমান শিশু অংগনৱাড়ীৰ জৰিয়তে আহে আৰু কিছুমান আহে বেচৰকাৰী প্ৰাক বিদ্যালয়ৰ পৰা।এই শিশুসকলৰ একাংশ প্ৰাথমিক বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ভাষা আৰু সংখাজ্ঞানৰ কোনো প্ৰাথমিক ধাৰণাই নাথাকে । গতিকে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবেই বিদ্যাপ্ৰৱেশৰ VIDYA PRAVESH দৰে কাৰ্যসূচী হাতত লোৱা হৈছে।ইযাৰ সঠিক ৰূপায়নৰ জৰিয়তে শিশুৰ প্ৰাক প্ৰাথমিক স্তৰৰ পৰাই সৰ্বাংগীন বিকাশ সাধন হ'ব।

Post a Comment

0Comments

Post a Comment (0)